আজি ৯ নৱেম্বৰ

▶️১৮৭৭ চনৰ এই দিনটোতেই খ্যাতনামা উৰ্দু কবি,দাৰ্শনিক আৰু শিক্ষাবিদ ছাৰ মহম্মদ ইকবালৰ জন্ম হৈছিল। মুছলমান সকলৰ বাবে সুকীয়া ৰাষ্ট্ৰ গঠনৰ দাবীৰ তেওঁ আছিল মুখ্য প্ৰবক্তা।
▶️১৯১৭ চনৰ আজিৰ দিনটোতেই ঐতিহাসিক অক্টোবৰ বিপ্লৱৰ অন্তত ৰাছিয়াত শ্ৰমিক-কৃষকৰ প্ৰথমখন চৰকাৰ গঠন। লেনিন হৈছিল নৱগঠিত চৰকাৰখনৰ মুৰব্বী।
▶️১৯১৭ চনৰ এই দিনটোতেই জাৰ্মানীক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা।
▶️১৯২৯ চনৰ এই দিনটোতেই হাংগেৰীৰ ঔপন্যাসিক ইমৰে কাৰ্টেজৰ জন্ম হৈছিল। ২০০২ চনত তেওঁ লাভ কৰে সাহিত্যৰ ন’বেল বঁটা।
▶️১৯৮৮ চনৰ এই দিনটোতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল জৰ্জ বুশ্ব।
▶️১৯৮৯ চনৰ এই দিনটোতেই উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাজীৱ গান্ধীৰ দ্বাৰা ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন।
▶️১৯৯০ চনৰ এই দিনটোতেই নেপালৰ ৰজা বীৰেন্দ্ৰ বীৰ বিক্ৰম শ্বাহদেৱৰ নতুন সংবিধান প্ৰৱৰ্তন। দেশখনত দলহীন পঞ্চায়ত ব্যৱস্থাৰ অৱসান।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আনুষ্ঠানিকভাৱে মুকলি।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ পৰা কল্যাণ সিঙক অপসাৰণ। নতুন মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল ৰামপ্ৰকাশ গুপ্তা।
▶️২০০০ চনৰ এই দিনটোতেই উত্তৰাঞ্চল(উত্তৰাখণ্ড) ৰাজ্য গঠন।
▶️২০০১ চনৰ আজিৰ দিনটোতেই শ্বেয়াৰ কেলেংকাৰীত অভিযুক্ত হৰ্ষদ মেহতাক পুনৰ গ্ৰেপ্তাৰ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই পুষ্পলতা দাসৰ মৃত্যু হৈছিল।
▶️২০০৫ চনৰ এই দিনটোতেই ভাৰতৰ সপ্তম গৰাকী ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.