ইণ্টাৰনেচনেল ডেস্ক:
লিবিয়াৰ ৰাজধানী ট্ৰিপলিত দুটা সশস্ত্ৰ ফৈদৰ মাজত তুমুল সংঘৰ্ষ। সংঘৰ্ষৰ ফলত নিহত কমেও ২৭ গৰাকী লোক। ইয়াৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় ১০০ৰো অধিক লোক । ৪৪৪ ব্ৰিগেডৰ অধিনায়ক মাহমুদ হামজাক ট্ৰিপলিৰ মূল মিটিগা বিমানবন্দৰৰ মাজেৰে যোৱাৰ চেষ্টা কৰি থকাৰ সময়তে আটক কৰাৰ পিছত সোমবাৰে আৰম্ভ হয় এই ৰাক্তাক্ত সংঘৰ্ষ।
খবৰ মতে, বিমানবন্দৰটো নিয়ন্ত্ৰণ কৰা ৪৪৪ ব্ৰিগেডৰ মূল প্ৰতিদ্বন্দ্বী স্পেচিয়েল ডিটাৰেন্স ফৰ্চে গ্ৰেপ্তাৰ কৰে মাহমুদ হামজাক। হামজাক আটক কৰাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।।