নিউজ ডেস্ক:শিক্ষাৰ্থীসকলক লৈ শিক্ষা মন্ত্ৰীৰ বৃহৎ ঘোষণা। ২০২২-২৩ শিক্ষাবৰ্ষৰ প্ৰায় ৩.৫০ লাখ শিক্ষাৰ্থীয়ে কিতাপ-বহী কিনাৰ বাবদ লাভ কৰিব ১,৪৫০ টকা। ১৬,৭৬৩ গৰাকী শিক্ষাৰ্থীক হোষ্টেল খৰচৰ বাবদ ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৭,১৫৮ টকাকৈ। দশম শ্ৰেণীত পঢ়ি থকা সকলে ২০০০ টকা, একাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকলে ৪০০০ টকা, দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলে লাভ কৰিব ৪০০০ টকাকৈ আৰ্থিক সাহাৰ্য্য। শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ছাত্ৰ দিৱসৰ বিশেষ কাৰ্যসূচীত এই ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।।
