বিবাহৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবে বিবাহিতই মাৰিলে বিবাহিতাক!

নেচনেল ডেস্ক:দিল্লীৰ নিউ অশোক নগৰত চাঞ্চল্যকৰ ঘটনা। বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে এগৰাকী মহিলাক হত্যা কৰে এজন কেব চালকে । আৰক্ষীয়ে জনোৱা অনুসৰি ৩৪ বছৰীয়া কেব চালকজন বিহাৰৰ মধুবনী অঞ্চলৰ বাসিন্দা আছিল। কেব চালক শিৱ শংকৰ মুখিয়া ইতিপূৰ্বে বিবাহিত আৰু চাৰিটা সন্তানৰ পিতৃ। নিশা এই লোকজনে মহিলাগৰাকীৰ ঘৰলৈ গৈ কাজিয়াত লিপ্ত হৈছিল।তাৰ পাছত মহিলাগৰাকীক মূৰত প্ৰচণ্ড জোৰে আঘাট কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে লোকজনে।পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি মহিলাগৰাকী বিবাহিত আছিল। তেওঁৰ স্বামীয়ে আৰক্ষীক জনোৱা অনুসৰি প্ৰায় এমাহ আগতে এটা ভাবুকিপূৰ্ণ ফোন আহিছিল মহিলাগৰাকীৰ স্বামীলৈ।তেওঁৰ পত্নীক এৰি দিবলৈ ভাবুকি দিছিল কোনো অচিনাক্ত লোকে।ইতিমধ্যে আৰক্ষীয়ে CCTVৰ ফুটেজ নিৰীক্ষন কৰি অভিযুক্ত শিৱ শংকৰ মুখিয়াক গ্ৰেপ্তাৰ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.