ইছৰোৰ সৰ্ববৃহত ৰকেটেৰে ৩৬টা উপগ্ৰহ উৎক্ষেপণেৰে ISROৰ আন এক অভিলেখ

 

নেচনেল ডেস্ক:

হাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ আৰু এটা খোজ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰো)ৰ সৰ্ববৃহত্‍ LVM-3 ৰকেটটোৱে আজি পুৱা ৩৬ টা ৱানৱেব উপগ্ৰহ সফলতাৰে মহাকাশলৈ উৎক্ষেপণ কৰে। ৩৬টা ৱানৱেব উপগ্ৰহ পুৱা ৯.০০ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ৪৩.৫ মিটাৰ দৈৰ্ঘ্যৰ ৰকেটত উৎক্ষেপণ কৰা হয়। উন্নত মানৰ ব্ৰডবেণ্ড সেৱা প্ৰদানৰ বাবে এই ৰকেট উৎক্ষেপণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ব্ৰিটেইনৰ নেটৱৰ্ক এক্সেছ এছ’চিয়েটছ লিমিটেডে (ৱানৱেব গ্ৰুপ) ইছৰোৰ বাণিজ্যিক গোট নিউ স্পেচ ইণ্ডিয়া লিমিটেডৰ সৈতে পৃথিৱীৰ নিম্ন কক্ষপথত ৭২ টা উপগ্ৰহ উৎক্ষেপণ কৰাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছে। এই চুক্তিৰ অধীনতেই মহাকাশলৈ ৩৬ টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.