হিমন্ত বিশ্ব শৰ্মাৰ ১০ টা ডাঙৰ ঘোষণা!

কাজিৰঙাত কেইবাটাও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক:

হিমন্ত বিশ্ব শৰ্মাৰ ১০ টা ডাঙৰ ঘোষণা। কাজিৰঙাত কেইবাটাও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰেচন কাৰ্ডকলৈ কাজিৰঙাত হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। দুমাহৰ ভিতৰত ৰেচন কাৰ্ড নোহোৱাসকলে লাভ কৰিব ৰেচন কাৰ্ড। এতিয়াৰে পৰা ৰেচন কাৰ্ড থকা সকলে বিনামূলীয়া চাউলৰ লগতে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা। বছৰি পাঁচ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। মুখ্যমন্ত্ৰী আয়ুষ্মান অসম আঁচনিৰ কথা উল্লেখ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী আয়ুষ্মান অসম আঁচনিৰ কাৰ্ড নোপোৱালৈকে ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰি থাকিব বিনামূলীয়া চিকিৎসা সেৱা। অৰুনোদয় আচনিকলৈও মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। যোৱাবছৰ ২১ লাখ পৰিয়ালক অন্তৰ্ভুক্ত কৰা হৈছিল অৰুনোদয় আঁচনিৰ ভিতৰত। দুই অক্টোবৰত পুনৰ ৭ লাখ মহিলাক অন্তৰ্ভুক্ত কৰা হ’ব অৰুনোদয় আঁচনিৰ ভিতৰত। ২০২৪ ত পুনৰ ৮ লাখ মহিলাক অন্তৰ্ভুক্ত কৰা হ’ব অৰুনোদয় আঁচনিত। মুঠ ৩৫ লাখ মহিলাক অৰুনোদয় আঁচনিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ টাৰ্গেট হিমন্ত চৰকাৰৰ। অৰুনোদয় আঁচনিৰ ধন ১৪০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত। সময়ৰ লগে লগে অৰুনোদয়ৰ ধনৰ পৰিমাণ আৰু বৃদ্ধি হ’ব। আত্মসহায়ক গোটক কেন্দ্ৰ কৰিও মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। দুই এদিনতে জীৱিকা সখীৰ সদস্যই আত্মসহায়ক গোটৰ সৈতে কথা পাতিব। জীৱিকা সখীক জনাব লাগিব আত্মসহায়ক গোটৰ ব্যৱসায়িক লক্ষ্য। আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব ১০ হাজাৰকৈ টকা। প্ৰথম বছৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব ১০ হাজাৰ টকা। ১০ হাজাৰ টকাৰ সৎ ব্যৱহাৰ কৰা মহিলাক প্ৰদান কৰা হ’ব ২৫ হাজাৰ টকা। যুৱক যুৱতীসকলৰ বাবেও ডাঙৰ খবৰ। ব্যৱসায় কৰিব বিচৰা যুৱক-যুৱতীক চৰকাৰে দিব ধন। দুই লাখ যুৱক-যুৱতীক দুই লাখকৈ টকা দিয়াৰ সিদ্ধান্ত।।

You might also like
Leave A Reply

Your email address will not be published.