আজি ৮ আগষ্ট

▶️১৯৭৭ চনৰ আজিৰ দিনটোতেই অনিৰ্দিষ্ট কাললৈ ভাৰত চৰকাৰৰ অসামৰিক সন্মান ভাৰতৰত্ন আৰু পদ্ম সন্মান প্ৰদান বন্ধ ঘোষণা।
▶️২০০৬ চনৰ আজিৰ দিনটোতেই সাহিত্যিক চন্দ্ৰ প্ৰসাদ শইকীয়াৰ দেহাৱসান।
▶️১৯৪২ চনৰ আজিৰ দিনটোতেই বোম্বাইত (মুম্বাই) অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গৃহীত। ৯ আগষ্টৰ পৰা দেশজুৰি ভাৰত ত্যাগ আন্দোলনৰ সূচনা হয়।মহাত্মা গান্ধীসহ বহু কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ।
▶️১৯৫৫ চনৰ আজিৰ দিনটোতেই পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ সম্পৰ্কে আলোচনাৰ বাবে জেনেভাত আন্তৰ্জাতিক সন্মিলন। ৭২ খন দেশৰ ১,২০০ বিজ্ঞানীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিছিল।
▶️১৮১৫ চনৰ এই দিনটোতেই ৱাটাৰ্লু যুদ্ধত পৰাস্ত আৰু বন্দী নেপোলিয়ন বোনাপাৰ্টক ছেন্ট হেলেনা দ্বীপলৈ নিৰ্বাসন।
▶️১৯০০ চনৰ আজিৰ দিনটোতেই টেনিছৰ আটাইতকৈ পুৰণি প্ৰতিযোগিতা ডেভিছ কাপৰ প্ৰথম খেল বষ্টনত অনুষ্ঠিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.