আজি লোকসভাত অনাস্থা প্ৰস্তাৱৰ বিতৰ্ক

বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱক লৈ মঙলবাৰে লোকসভাত তীব্ৰ বিতৰ্ক হোৱাৰ সম্ভাৱনা

নেচনেল ডেস্ক:

জি লোকসভাত অনাস্থা প্ৰস্তাৱৰ বিতৰ্ক। বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱক লৈ মঙলবাৰে লোকসভাত তীব্ৰ বিতৰ্ক হোৱাৰ সম্ভাৱনা। আনহাতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত লোকসভাৰ সদস্যপদ পুনৰ ঘূৰাই পোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই বিতৰ্কত বিৰোধী I.N.D.I.A. ৰ নেতৃত্ব লোৱাৰ সম্ভাৱনা আছে।

লোকসভাত কংগ্ৰেছৰ উপ-নেতা গৌৰৱ গগৈয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱটো সদনৰ তালিকাৰ এজেণ্ডাৰ আইটেম তিনি হিচাপে তালিকাভুক্ত কৰা হৈছে। মণিপুৰত সংঘটিত হোৱা জাতিগত হিংসাৰ বাবে বিজেপি শাসনাধিষ্ঠ কেন্দ্ৰীয় আৰু ৰাজ্যিক দুয়োখন চৰকাৰৰ ব্যৰ্থতাৰ বাবে বিৰোধীৰ এই অনাস্থা প্ৰস্তাব।

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাস্থা প্ৰস্তাব বিতৰ্কত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। অবশ্যে চৰকাৰৰ সপক্ষে লোকসভাত একক সংখ্যাগৰিষ্ঠ আসন থকা বাবে অনাস্থা প্ৰস্তাবে চৰকাৰখনৰ প্ৰতি কোনো ভাবুকিৰ সৃষ্টি নকৰে। ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে, অনাস্থা প্ৰস্তাবৰ জৰিয়তে অহা বছৰ লোকসভা নিৰ্বাচনত মোদী নেতৃত্বাধীন বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ বিৰোধীয়ে নতুনকৈ দৃঢ়তা আৰু ঐক্য প্ৰদৰ্শন কৰাৰ সুযোগ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।।

You might also like
Leave A Reply

Your email address will not be published.