নেচনেল ডেস্ক:
দুৰ্ঘটনাগ্ৰস্ত নৌসেনাৰ মিগ ২৯ কে যুঁজাৰু বিমান। কাৰিকৰী বিজুতিৰ পৰিপ্ৰেক্ষিতত গোৱা উপকূলৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয় মিগ ২৯কে যুঁজাৰু বিমানখন। নিয়মীয়া উৰনৰ পিছত নিজ বেছলৈ ওভতাৰ সময়ত সংঘটিত হয় দুৰ্ঘটনাটো। বিমানৰ পাইলটে নিৰাপদে বিমানৰ পৰা ইজেক্ট কৰিবলৈ সক্ষম হয়। বৰ্তমান পাইলটজন সুস্থিৰ অৱস্থাত থকা বুলি সদৰি কৰে ভাৰতীয় নৌ সেনাই । ইফালে দুৰ্ঘটনাৰ কাৰণ তদন্ত কৰিবলৈ এখন তদন্ত কমিটিক নিৰ্দেশ দিয়া হৈছে।।