৫০ হাজাৰ টকাত সংগীতা দত্তক শিশু দিছিল উৎপলা বসুয়ে!

নিউজ ডেস্কঃ

 

কাহিনীৰ যেন অন্ত নাই শিশু নিৰ্যাতনত অভিযুক্ত চিকিৎসক দম্পতীৰ!
শণিবাৰে নিশা পাণবাজাৰ মহিলা আৰক্ষী থানাত ডাঃ সংগীতা দত্ত, উৎপলা বসু আৰু ২ আশাকৰ্মীক একেলগে চলোৱা আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য।

জানিব পৰা মতে আৰক্ষীক উৎপলা বসুৱে জনোৱা অনুসৰি ডাঃ সংগীতাই কন্যা শিশুটি ৪০ হাজাৰ টকা আৰু ল’ৰা শিশুটি ১০ হাজাৰ টকাত তেওঁৰ পৰা ক্ৰয় কৰিছিল। দুয়োটা শিশু আনি দিয়াৰ বাবদ সংগীতা দত্তই ৫০ হাজাৰ টকা দিছিল উৎপলা বসুক। কন্যা শিশুটি বৰপেটাৰ পৰা অনা বুলি জানিব পৰা গৈছে। ল’ৰা সন্তানটো নেপালী সম্প্ৰদায়ৰ আছিল। সংগীতাই যমজ বুলি দাবী কৰা শিশু দুটি প্ৰকৃততে যমজ নাছিল।
বৰ্তমানলৈকে পোহৰলৈ অহা নাই শিশু দুটিৰ মাতৃৰ পৰিচয়।
আৰক্ষীৰ জেৰাত অচিৰেই পোহৰলৈ অহাৰ সম্ভাৱনা শিশু সৰবৰাহৰ বহু বিস্ফোৰক তথ্য!

You might also like
Leave A Reply

Your email address will not be published.