কৰ্ণাটকৰ জ্যেষ্ঠ IPS বিষয়াক CBIৰ নতুন সঞ্চালক নিযুক্ত!

বৰ্তমানৰ CBI প্ৰধান সুবোধ কুমাৰ জয়ছোৱালৰ পৰা দায়িত্ব ল'ব ছুড়ে

নেচনেল ডেস্ক:

নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছদিনাই কৰ্ণাটকৰ জ্যেষ্ঠ IPS বিষয়াক CBIৰ নতুন সঞ্চালক নিযুক্ত । ১৯৮৬ৰ বেটচৰ IPS বিষয়া প্ৰবীণ ছুড়ক দুবছৰৰ বাবে CBIৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। বৰ্তমানৰ CBI প্ৰধান সুবোধ কুমাৰ জয়ছোৱালৰ পৰা দায়িত্ব ল’ব ছুড়ে। উল্লেখ্য যে,অহা ২৫ মে’ত সুবোধ কুমাৰ জয়ছোৱালৰ দুবছৰীয়া কাৰ্যকাল সমাপ্ত হ’ব।

শনিবাৰে সন্ধিয়া দেশৰ মুখ্য ন্যায়াধীশ, প্ৰধানমন্ত্ৰী আৰু লোকসভাৰ বিৰোধী দলপতিৰে গঠিত এখন উচ্চ পৰ্যায়ৰ কমিটীয়ে বৈঠকত মিলিত হৈছিল । জানিব পৰা মতে, বৈঠকত CBIৰ সঞ্চালক পদৰ বাবে তিনি গৰাকী জ্যেষ্ঠ IPS বিষয়াৰ নাম আলোচনালৈ আহিছিল।।

You might also like
Leave A Reply

Your email address will not be published.