৭ বছৰীয়া শিশুক কিনি বিয়া পাতিলে ৩৮ বছৰীয়াই!

ৰাজস্থানৰ ঢোলপুৰত চাঞ্চল্যকৰ ঘটনা

নেচনেল ডেস্ক:

ৰাজস্থানৰ ঢোলপুৰত চাঞ্চল্যকৰ ঘটনা। মধ্যবয়স্ক এজন লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ ৪.৫০ লাখ টকাত বিক্ৰী কৰে এগৰাকী ৭ বছৰীয়া কন্যা শিশুক। অভিযুক্ত জনৰ নাম ভুপাল সিং বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি ৩৮ বছৰীয়া ভুপাল সিঙৰ পৰিয়ালে ৪.৫০ লাখ টকা পৰিশোধ কৰাৰ পিছত পিতৃৰ পৰা ক্ৰয় কৰে ৭ বছৰীয়া শিশুটিক । তথ্য অনুসৰি, যোৱা ২১ মে’ত সম্পন্ন হয় ভুপাল সিঙ আৰু শিশুটিৰ বিবাহ । এক গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ভুপাল সিঙৰ ঘৰত তালাচি চলাই উদ্ধাৰ কৰে ৭ বছৰীয়া শিশুটিক। আৰক্ষীৰ জেৰাত সিঙৰ পৰিয়ালৰ সদস্যসকলে দেউতাকক ৪.৫০ লাখ টকা দি শিশুটিক ক্ৰয় কৰাৰ কথা নিজ মুখে স্বীকাৰ কৰে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.