নেচনেল ডেস্ক:
ৰাজ্যসভাৰ ৯ গৰাকী সদস্যই শুকুৰবাৰে গ্ৰহণ কৰিলে অৱসৰ। ইয়াৰে ৪ গৰাকী সদস্য পুনৰ নিৰ্বাচিত হৈছে উচ্চ সদনলৈ।এই কথা সদৰি কৰে ৰাজ্যসভাৰ অধ্যক্ষ তথা দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখেড়ে ।
পুনৰ উচ্চ সদনলৈ নিৰ্বাচিত সদস্য সকলৰ ভিতৰত অন্যতম বিজেপিৰ সদস্য তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ।পুনৰ নিৰ্বাচিত আন তিনি গৰাকী সদস্য তৃণমূল কংগ্ৰেছৰ সুখেন্দু শেখৰ ৰে, ডেৰেক অ’ ব্ৰাইন আৰু ডোলা সেন।
ইফালে অৱসৰ গ্ৰহণ কৰা পাঁচগৰাকী সদস্য হৈছে বিজেপিৰ যুগলসিংহ লোকাণ্ডৱালা, দীনেশচন্দ্ৰ জেমালভাই অনাৱদিয়া, টিএমচিৰ সুষ্মিতা দেৱ, শান্ত ছেত্ৰী আৰু কংগ্ৰেছৰ প্ৰদীপ ভট্টাচাৰ্য।।