ৰে’ল ইঞ্জিনৰ উদ্ভাৱক জৰ্জ ষ্টিফেনছনৰ আজি মৃত্যু দিন

১৮৪৮ চনৰ ১২ আগষ্টৰ দিনটোতেই মৃত্যু হৈছিল জৰ্জ ষ্টিফেনছনৰ

নিউজ ডেক্স:

ৰে’ল ইঞ্জিনৰ উদ্ভাৱক জৰ্জ ষ্টিফেনছনৰ আজি মৃত্যু দিন । ১৮৪৮ চনৰ ১২ আগষ্টৰ দিনটোতেই মৃত্যু হৈছিল জৰ্জ ষ্টিফেনছনৰ। ষ্টিফেনছনৰ পথ প্ৰদৰ্শক ৰে’ল পৰিবহণ আছিল ১৯ শতিকাৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰযুক্তিগত উদ্ভাৱন আৰু ঔদ্যোগিক বিপ্লৱৰ এক নৱজাগৰণ। জৰ্জ আৰু তেওঁৰ পুত্ৰ ৰবাৰ্টৰ কোম্পানী ৰবাৰ্ট ষ্টিফেনছন এণ্ড কোম্পানীয়ে ১৮২৫ চনত ষ্টকটন আৰু ডাৰ্লিংটন ৰে’লৱেৰ ৰাজহুৱা ৰে’লপথত যাত্ৰী কঢ়িয়াই ৰে’লখনেই আছিল প্ৰথমখন ভাপ ইঞ্জিন চালিত ৰে’ল। ১৮৩০ চনত মুকলি কৰা লিভাৰপুল-মানচেষ্টাৰ সংযোগী ৰে’লপথ ইঞ্জিন ব্যৱহাৰ কৰা বিশ্বৰ প্ৰথমটো ৰাজহুৱা আন্তঃচহৰীয়া ৰে’লপথ আছিল।।

You might also like
Leave A Reply

Your email address will not be published.