আজি ১৩ আগষ্ট

▶️১৮৮২ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত জাৰ্মান বিজ্ঞানী ৰিকাৰ্ভ মাৰ্টিন ৱিলষ্টাটটাৰৰ জন্ম হৈছিল। ১৯১৫ চনত তেঁও ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৮৮৮ চনৰ আজিৰ দিনটোতেই টেলিভিছনৰ আৱিষ্কাৰক জন লোগী ৱেয়াৰ্ডৰ মৃত্যু হৈছিল।
▶️১৮৯১ চনৰ আজিৰ দিনটোতেই ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত মণিপুৰৰ সেনাপতি টিকেন্দ্ৰজিৎসহ আন দুজনক ইংৰাজৰ ফাঁচি।
▶️১৯১০ চনৰ এই দিনটোতেই ইংৰাজ শুশ্ৰূষাকাৰিণী ফ্লোৰেন্স নাইটিংগেলৰ মৃত্যু।
▶️১৯১২ চনৰ এই দিনটোতেই ইটালীজাত বিশিষ্ট মাৰ্কিন চিকিৎসা বিজ্ঞানী ছালভাডোৰ এডৱাৰ্ড লুৰিয়াৰ জন্ম হৈছিল। ১৯৬৯ চনত তেঁও চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯১৮ চনৰ এই দিনটোতেই প্ৰখ্যাত ব্ৰিটিছ ৰসায়নবিদ ফ্ৰেডৰিক ছেংগাৰৰ জন্ম হৈছিল। ১৯৫৮ চনত তেঁও ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯২৭ চনৰ এই দিনটোতেই কিউবাৰ বিপ্লৱৰ নেতা ফিডেল কাষ্ট্ৰোৰ কিউবাৰ থিৰান নামৰ ঠাইৰ সমীপত জন্ম হৈছিল।
▶️১৯৫৬ চনৰ এই দিনটোতেই লোকসভাত ৰাষ্ট্ৰীয় ঘাইপথ বিধেয়ক গৃহীত হৈছিল।
▶️২০০০ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত গায়িকা নাজিয়া হাছানৰ মৃত্যু ঘটিছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই চলচ্চিত্ৰ পৰিচালক, সাহিত্যিক ভৱেন্দ্ৰনাথ শইকীয়াৰ দেহাৱসান ঘটিছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই গ্ৰীচৰ এথেন্সত ২৮ সংখ্যক অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.