অশান্ত মণিপুৰত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ বৃহৎ অভিযান

দুই সৰবৰাহকাৰীৰ জিম্মাৰ পৰা জব্দ ২৭ কেজি আফিং

নৰ্থ-ইষ্ট ডেস্ক:

শান্ত মণিপুৰত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ বৃহৎ অভিযান। অভিযানত বুজন পৰিমানৰ আফিংসহ আটক দুটা সৰবৰাহকাৰীক। ধৃত দুই সৰবৰাহকাৰীৰ এটা অসমৰ আৰু আনটো মণিপুৰৰ বুলি জানিব পৰা গৈছে। ধৃত কৰিমগঞ্জৰ কবীৰ আহমেদ আৰু আনটো মণিপুৰৰ বিষ্ণুপুৰৰ আব্দুল বাৰীক বুলি জানিব পৰা গৈছে। দুই সৰবৰাহকাৰীৰ জিম্মাৰ পৰা জব্দ ২৭ কেজি আফিং। লগতে জব্দ চোৰাং ব্যৱসায়ত ব্যৱহৃত এখন বাহন।

শনিবাৰে ​এক গোপন সূত্ৰৰ পম খেদি নিৰাপত্তা বাহিনীয়ে চুৰাচান্দপুৰ জিলাৰ কাংভাই বজাৰত চলাইছিল অভিযান। অভিযান কালত এখন বাহনৰ ইঞ্জিন কম্পাৰ্টমেণ্টৰ কাষতে লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে এই অবৈধ সামগ্ৰীখিনি। জানিব পৰা মতে, চুৰাচান্দপুৰৰ পৰা বিষ্ণুপুৰ জিলাৰ কোৱাক্টালৈ গৈ আছিল বাহনখন। জব্দকৃত নিচাযুক্ত সামগ্ৰীখিনি মণিপুৰৰ পৰা অসমলৈ সৰবৰাহৰ চেষ্টা চলোৱাৰ সন্দেহ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.