ৰুৱাণ্ডাত শেহতীয়া বানপানী আৰু ভূমিস্খলনৰ ফলত ভয়ংকৰ পৰিস্থিতি!

প্ৰাকৃতিক দুৰ্যোগত কমেও ১৩৫ গৰাকী লোকৰ মৃত্যু

ইণ্টাৰনেচনেল ডেস্ক:

ৰুৱাণ্ডাত শেহতীয়া বানপানী আৰু ভূমিস্খলনৰ ফলত ভয়ংকৰ পৰিস্থিতি। প্ৰাকৃতিক দুৰ্যোগত কমেও ১৩৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে এতিয়াও সন্ধানহীন হৈ আছে একাধিক। আনহাতে দুৰ্যোগৰ ফলত আহত হয় প্ৰায় শতাধিক লোক। শনিবাৰে জৰুৰীকালীন ব্যৱস্থাপনা মন্ত্ৰালয়ে সদৰি কৰে এই তথ্য। ইফালে দুৰ্যোগৰ ফলত দেশখনত গৃহহীন হৈ পৰিছে ২০ হাজাৰতকৈও অধিক লোক। গৃহহীন লোকসকলক ৮৩টা অস্থায়ী স্থানত ৰখা হৈছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে।

প্ৰাকৃতিক দুৰ্যোগৰ ফলত দেশখনৰ ২০টা ৰাষ্ট্ৰীয় পথ, ১২টা বিদ্যুৎ কেন্দ্ৰ আৰু ৮টা পানী পৰিশোধন কেন্দ্ৰও ধ্বংস হৈছে বুলি সূত্ৰটোৱে সদৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.