মহানগৰীত উদণ্ডৰ উদ্বেগজনক বিচৰণ!

অতিৰিক্ত ভাড়া লোৱাৰ অভিযোগত যাত্ৰীয়ে ছুৰীৰে আক্ৰমণ কৰিলে মেজিক চালকক

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। অতিৰিক্ত ভাড়া লোৱাৰ অভিযোগত যাত্ৰীয়ে ছুৰীৰে আক্ৰমণ কৰিলে মেজিক চালকক । আঘাতপ্ৰাপ্ত চালকজনৰ নাম অভিনাশ দাস। স্থানীয় ৰাইজে আহত অভিনাশ দাসক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে।

জানিব পৰা মতে, এজন যাত্ৰীয়ে গুৱাহাটীৰ মালিগাঁৱৰ পৰা বৰাগাঁৱলৈ এখন মেজিকত গৈ থকা অৱস্থাত চালকজনে বিচৰা ভাড়াক লৈ যাত্ৰী-চালকৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় । ফলত যাত্ৰীগৰাকীয়ে বাহনখনৰ চালকক চুৰিৰে আক্ৰমণ কৰে। ঘটনাৰ পিছত অঞ্চলটোৰ ৰাইজে আক্ৰমণকাৰী যাত্ৰীজনক আটক কৰি জালুকবাৰী আৰক্ষী থানাত গতাই দিয়ে। শণিবাৰে সংঘটিত এই ঘটনাই মহানগৰীত একাংশ উদণ্ড লোকৰ তিঘিলঘিলনিক লৈ উদ্বিগ্ন কৰি তুলিছে সচেতন সমাজক।।

You might also like
Leave A Reply

Your email address will not be published.