ইউক্ৰেইনৰ সীমান্তৰ ওচৰত ৪খন ৰাছিয়াৰ সামৰিক বিমান ভূপতিত!

গুলীয়াই ভূপতিত কৰে Su-34 যুঁজাৰু-বোমাৰু বিমান, Su-35 যুঁজাৰু বিমান আৰু দুখন M-8 হেলিকপ্টাৰ

ইণ্টাৰনেচনেল ডেস্ক:

উক্ৰেইনৰ সীমান্তৰ ওচৰত ৪খন ৰাছিয়াৰ সামৰিক বিমান ভূপতিত । তথ্য মতে, ইউক্ৰেইনৰ সীমান্তৰ ওচৰত ২খন ৰাছিয়ান জেট আৰু দুখন সামৰিক হেলিকপ্টাৰ ইউক্ৰেইন সেনাই গুলীয়াই ভূপতিত কৰে। ইয়াৰ বিপৰীতে শনিবাৰে ৰাছিয়াৰ ভূখণ্ডত পঞ্চমখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, ইউক্ৰেইনৰ সীমান্তৰ ব্ৰাইয়ানস্ক অঞ্চলত একেলগে গুলীয়াই ভূপতিত কৰে Su-34 যুঁজাৰু-বোমাৰু বিমান, Su-35 যুঁজাৰু বিমান আৰু দুখন M-8 হেলিকপ্টাৰ।তথ্য মতে, ৰাছিয়াই ইউক্ৰেইনৰ চেৰ্নিহিভত ক্ষেপণাস্ত্ৰ আৰু বোমা আক্ৰমণ কৰিবলৈ প্ৰেৰণ কৰিছিল যুঁজাৰু বিমান আৰু হেলিকপ্টাৰকেইখন।

ইফালে, ৰাছিয়াৰ চৰকাৰী সূত্ৰই জনোৱা মতে, S-34 যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বিপৰীতে ইঞ্জিনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ইউক্ৰেইনৰ সীমান্তৰ পৰা ২৫ মাইল দূৰত ক্লিণ্টচিৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয় এখন হেলিকপ্টাৰ।।

You might also like
Leave A Reply

Your email address will not be published.