মহাৰাষ্ট্ৰৰ আকোলাত সাম্প্ৰদায়িক হিংসাৰ জুই!

ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা

নেচনেল ডেস্ক:

হাৰাষ্ট্ৰৰ আকোলাত সাম্প্ৰদায়িক হিংসাত্মক ঘটনাৰ ভয়ংকৰ ৰূপ। ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। জানিব পৰা মতে, সংঘৰ্ষত এজন লোক নিহত হোৱাৰ বিপৰীতে ১০জনৰো অধিক লোক আহত হয়। ঘটনাত আৰক্ষীৰ লোকো আহত হোৱাৰ খবৰ পোৱা গৈছে। সংঘৰ্ষৰ পাছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত।

অভিযোগ মতে, ঘটনাক কেন্দ্ৰ কৰি একাংশ দুৰ্বৃত্তই বহু স্থানত সাধাৰণ লোকক প্ৰহাৰ কৰাৰ লগতে বহু লোকৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিসংযোগ কৰে। লগতে বহু বাহনো ভাঙি লণ্ডভণ্ড কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত আৰক্ষীৰ এটা বৃহত্‍ দলৰ লগতে অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হৈছে। ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰ আৰক্ষীয়ে ২৬ জন লোকক আটক কৰিছে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে অঞ্চলটোত জাৰি কৰিছে সান্ধ্য আইন।।

You might also like
Leave A Reply

Your email address will not be published.