ৰৈ থাকোতেই এটা পৰিয়ালৰ মৃত্যুদূত হৈ আহিল বাহন!

নিউজ ডেস্কঃ

দেওবাৰে পুৱা ৰাজস্থানৰ জয়পুৰত এক শোকাৱহ ঘটনা সংঘটিত হয়৷
জানিব পৰা মতে পথৰ দাঁতিত থিয় হৈ আত্মীয়ৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে তীব্ৰবেগী থাৰ বাহনে মহতিয়াই নিয়াত থিতাতে মৃত্যুক সাৱটিলে একেটা পৰিয়ালৰ তিনিজনকৈ লোকে।
এই ভয়ংকৰ দুৰ্ঘটনাত আন তিনিজন লোকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।
আনহাতে আহত সকলক ততাতৈয়াকৈ আৰক্ষীয়ে নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহনখন এৰি পলায়ন কৰে চালকে।
আৰক্ষীয়ে পলাতক চালকজনৰ সন্ধান অব্যাহত ৰাখিছে।৷

You might also like
Leave A Reply

Your email address will not be published.