কুশিয়াৰা নদী সাঁতুৰি পাৰ হৈ লৈ আহিল বাংলাদেশী প্ৰেমিকাক!

নিউজ ডেস্ক:

অসম-বাংলাদেশ সীমান্তত সুৰক্ষাৰ নগ্ন ছবি!

কাছাৰৰ কাটিগড়াত এগৰাকী বাংলাদেশী যুৱতীক আটক। যুৱতী গৰাকীৰ সৈতে আটক কৰিমগঞ্জৰ এজন যুৱককো। ধৃত যুৱকজন কৰিমগঞ্জৰ তেলিখালৰপাৰৰ দীপাংকৰ নমঃশূদ্ৰ। চাৰিমাহ পূৰ্বে কুশিয়াৰা নৈ পাৰ হৈ বাংলাদেশত প্ৰবেশ কৰি যুৱকজনে লৈ আনিছিল বাংলাদেশী প্ৰেমিকাক। স্থানীয় লোকে প্ৰেমিকযুগলক আটক কৰি গতালে আৰক্ষীক।

নিজ প্ৰেমিকাক লগত লৈ বাংলাদেশৰ পৰা ৰাজেশ্বৰপুৰলৈ অহাৰ পিছতে স্থানীয় ৰাইজৰ হাতত ধৰা পৰে দুয়ো। জানিব পৰা মতে, কামৰ সন্ধানত কৰিমগঞ্জৰ যুৱকজনে নদী পাৰ হৈ অবৈধভাৱে প্ৰবেশ কৰিছিল বাংলাদেশত‌। বাংলাদেশৰ চিলেট জিলাৰ জকিগঞ্জত ৰাজমিস্ত্ৰীৰ কাম আৰম্ভ কৰা দীপাংকৰে অপৰ্ণা নামৰ এগৰাকী বাংলাদেশী যুৱতীৰ প্ৰেমত পৰে।পাছত যুৱতী গৰাকীক লগত লৈ ভাৰতলৈ পলায়ন কৰে দীপাংকৰ নমঃশূদ্ৰ নামৰ যুৱকজনে।

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি এতিয়া বিপদত পৰিছে এই প্ৰেমিক-প্ৰেমিকা। শনিবাৰে বাংলাদেশৰ পৰা পলায়ন কৰা প্ৰেমিকযুগলে অসম-মেঘালয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰে। পৰৱৰ্তী সময়ত ৰাজেশ্বৰপুৰ গাঁৱত খোজকাঢ়ি গৈ থকা অৱস্থাত প্ৰেমিকযুগলৰ ওপৰত স্থানীয় ৰাইজৰ সন্দেহ ওপজাত গুমৰা আৰক্ষী চকীত খবৰ দিয়ে। সম্প্ৰতি আৰক্ষীৰ জিম্মাত‌ আছে প্ৰেমিক-প্ৰেমিকা।

যুৱকজনে জানিবলৈ দিয়া অনুসৰি বাংলাদেশী প্ৰেমিকাৰ সৈতে পলাবলৈ সেই দেশৰ একাংশ লোকে সহায় কৰিছিল দীপাংকৰক। সীমান্তৰ কটকটীয়া সুৰক্ষা ব্যৱস্থাৰ মাজতো ভাৰতৰ এজন যুৱকে অবৈধভাৱে বাংলাদেশত প্ৰৱেশ কৰি এগৰাকী বাংলাদেশী যুৱতীক পলুৱাই অনাৰ ঘটনাই সৰ্বত্ৰে সৃষ্টি কৰিছে চাঞ্চল্যৰ। সমান্তৰালভাৱে সীমান্তৰ সুৰক্ষা ব্যবস্থাকলৈও সৃষ্টি কৰিছে প্ৰশ্নৰ।।

You might also like
Leave A Reply

Your email address will not be published.