মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড!

শুকুৰবাৰে গুৱাহাটীৰ ভিআইপি পথত অৱস্থিত আৱাসিক চৌহদৰ এটা ফ্লটত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।মহানগৰীৰ ছয়মাইলস্থিত পেলেচিয়া এপাৰ্টমেণ্টৰ ষষ্ঠ মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড।লগে লগে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। অগ্নিকাণ্ড সংঘটিত হোৱা ফ্লেটটো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে লাখ লাখ টকাৰ সা-সামগ্ৰী জুইত জাহ যোৱা বুলি অনুমান কৰা হৈছে। অৱশ্যে ঘটনাৰ ফলত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।অগ্নিকাণ্ডৰ সুত্ৰপাতৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.