অচিৰেই আত্মসমৰ্পণ কৰিব নেকি পলাতক খালিস্তানী নেতা অমৃতপাল সিঙে?

অকল তাখত সন্মিলনৰ পূৰ্বে পলাতক খালিস্তানী সমৰ্থক-প্ৰচাৰক অমৃতপাল সিঙে আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে বুলি এক বিশেষ সূত্ৰই দাবী কৰাৰ কথা জানিব পৰা গৈছে

নেচনেল ডেস্ক:

চিৰেই আত্মসমৰ্পণ কৰিব নেকি পলাতক খালিস্তানী নেতা অমৃতপাল সিঙে? অকল তাখত সন্মিলনৰ পূৰ্বে পলাতক খালিস্তানী সমৰ্থক-প্ৰচাৰক অমৃতপাল সিঙে আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে বুলি এক বিশেষ সূত্ৰই দাবী কৰাৰ কথা জানিব পৰা গৈছে। যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ পঞ্জাৱত জাৰি কৰা হৈছে হাই এলাৰ্ট । এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে ৰাজ্যখনৰ যিকোনো ঐতিহাসিক গুৰুদ্বাৰত অমৃতপাল সিঙে আত্মসমৰ্পণ কৰিব পাৰে। সূত্ৰ অনুসৰি খালীস্তনী সমৰ্থক-প্ৰচাৰকজনে শিখসকলৰ শীৰ্ষ সংস্থা অকল তাখতৰ মুৰব্বীসকলক ১৪ এপ্ৰিলত বৈশাখীত পঞ্জাৱৰ বাথিণ্ডাত “সৰ্বত খালছা” সমাৱেশ আয়োজন কৰিবলৈ কৈছে।

খালিস্তান সমৰ্থক অমৃতপাল সিঙে তেওঁ “এজন পলাতক” নহয় আৰু অতি সোনকালে “বিশ্বৰ সন্মুখত উপস্থিত হ’ব” বুলি এক গোপন স্থানৰ পৰা ভিডিঅ’ মুকলি কৰাৰ কথাও চৰ্চিত হৈছে।

অৱশ্যে পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিঙৰ আত্মসমৰ্পণৰ উৰাবাতৰি আৰু ভুৱা বাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে।টুইটযোগে এই আহ্বান পঞ্জাৱ আৰক্ষীৰ।।

You might also like
Leave A Reply

Your email address will not be published.