নেচনেল ডেস্ক:
শনিবাৰে অন্ধ্ৰপ্ৰদেশত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পিলেৰু-চিট্টুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, আগৰে পৰা ৰখাই থোৱা এখন ল’ৰীৰ সৈতে এখন বাহনৰ সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত থিতাতে চাৰিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন ছয়জন লোক। আহতসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। নন্দিয়ালাৰ পৰা তিৰুৱন্নমলাইলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। পেলেৰু আৰক্ষীয়ে মৃতকৰ লগতে আহতসকলক চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে গুৰুতৰভাৱে আহতক উন্নত চিকিৎসাৰ বাবে তিৰুপতিলৈ প্ৰেৰণ কৰে।।