নেচনেল ডেস্ক :

ড়িশাৰ বালাচোৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ৷ মালবাহী ৰে’লত খুন্দা চেন্নাইমুখী কৰমণ্ডল এক্সপ্ৰেছৰ। ৰে’ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৮৮ জনলৈ বৃদ্ধিৰ বিপৰীতে আহত হৈছে ৯০০ৰো অধিক ৰে’লযাত্ৰী৷ আহত যাত্ৰীসকলক নিশাতেই ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ৷ উদ্ধাৰকাৰ্যত ১২০০ৰো অধিক জোৱান নিয়োজিত কৰাৰ লগতে উদ্ধাৰ কাৰ্যত ব্যৱহাৰ ২০০ এম্বুলেন্স আৰু ৫০খন বাছ ৷ ৰে’লৰ চূৰ্ণ–বিচূৰ্ণ ডবাৰ পৰা এতিয়াও ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে। এইপৰ্যন্ত লাভ কৰা তথ্য অনুসৰি মৃতকৰ সংখ্যা ২৮৮জন, আহত সহস্ৰাধিক। জানিব পৰা মতে , ৰে’লৰ তিনিটা শ্লিপাৰ ডবাৰ বাদে বাকী সমগ্ৰ ৰে’লখন লাইনচ্যুত হয় । লাইনচ্যুত ডবাৰ সংখ্যা ১৮টা বুলি জানিব পৰা গৈছে।

ইফালে ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ বাবে তামিলনাডুত এদিনীয়া ৰাজ্যিক শোক দিৱস ঘোষণা মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ৷ ওড়িশাতো আজি শোক দিৱস পালনৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী নবীন পাটনায়কে।

কৰমণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাৰ ফলত মৃতকৰ পৰিয়াল আৰু আহতসকললৈ ক্ষতিপূৰণ ঘোষণা কৰিছে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। ৰে’ল দুৰ্ঘটনাত মৃতকৰ পৰিয়ালৰ বাবে ১০ লাখ টকাকৈ, গুৰুতৰভাৱে আহতসকললৈ ২ লাখ টকাকৈ আৰু সামান্যভাৱে আঘাতপ্ৰাপ্তসকললৈ ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।

ঘটনাৰ পিছত ৰে’ল কৰ্তৃপক্ষৰ ফালৰ পৰা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। ঘটনাৰ বিস্তাৰিত তথ্য আৰু আহতসকলৰ সন্ধানৰ বাবে মুকলি কৰা হেল্পলাইন নম্বৰসমূহ হ’ল – হাওৰা ডিভিজনৰ বাবে – 033-26382217, খড়গপুৰ ডিভিজনৰ বাবে 8972073925 // 9332392339, বালেশ্বৰ হেল্পলাইন – 8249591559/ 7978418322, শালিমাৰ হেল্পলাইন – 9903370746।

You might also like
Leave A Reply

Your email address will not be published.