আজি ৩ জুন

▶️আজি মন্টেনিগ্ৰোৰ স্বাধীনতা দিৱস।
▶️১৬৫৭ চনৰ আজিৰ দিনটোতেই ইংৰাজ চিকিৎসা বিজ্ঞানী,ৰক্ত সঞ্চালন প্ৰক্ৰিয়াৰ আৱিষ্কাৰক উইলিয়াম হাৰ্ভেৰ মৃত্যু ঘটিছিল।
▶️১৯০১ চনৰ আজিৰ দিনটোতেই প্ৰথম ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা মাৰাঠী কবি জি শংকৰ কুৰুপৰ জন্ম হৈছিল।
▶️১৯১৫ চনৰ এই দিনটোতেই ৰবীন্দ্ৰনাথ ঠাকুৰলৈ ইংৰাজ চৰকাৰৰ ‘নাইট’ উপাধি।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই ভাৰতৰ জাতীয়তাবাদী ৰাজনৈতিক নেতাসকলৰ ব্ৰিটিছে আগবঢ়োৱা ভাৰত বিভাজনৰ প্ৰস্তাৱত সন্মতি প্ৰদান।
▶️১৯৬৪ চনৰ আজিৰ দিনটোতেই ফিনলেণ্ডৰ নোবেল জয়ী সাহিত্যিক ফ্ৰানভছ ইমিল ছিলানপাৰ মৃত্যু ঘটিছিল। তেওঁ ১৯৩৯ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৭২ চনৰ আজিৰ দিনটোতেই প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ভাৰতত নিৰ্মিত প্ৰথম আধুনিক ৰণতৰী ‘নীলগিৰি’ক ৰাষ্ট্ৰৰ উদ্দেশ্যে উছৰ্গা।
▶️১৯৭৯ চনৰ আজিৰ দিনটোতেই সাহিত্যিক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ মৃত্যু ঘটিছিল।
▶️১৯৯৫ চনৰ আজিৰ দিনটোতেই বহুজন সমাজবাদী পাৰ্টীৰ নেত্ৰী মায়াৱতী উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ভাৰতীয় বিমান বাহিনীৰ ফ্লাইট লেফটেনেণ্ট কে নছিকেতাক পাকিস্তানত মুক্তি প্ৰদান।
▶️১৯৯৯ চনৰ এই দিনটোতেই জম্মু-কাশ্মীৰত ছমাহৰ বাবে ৰাষ্ট্ৰপতি শাসন বৃদ্ধি কৰা হৈছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই বড়োলেণ্ডৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনাৰে বি টি এ ডিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন ১১ জনীয়া কাৰ্য্যবাহী পৰিষদ গঠন।।

You might also like
Leave A Reply

Your email address will not be published.