অপৰেশ কুমাৰ সিঙক ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ সিঙৰ নিযুক্তিত অনুমোদন জনায়

নিউজ ডেস্ক:

পৰেশ কুমাৰ সিঙক ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি। মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ সিঙৰ নিযুক্তিত অনুমোদন জনায়। পূৰ্বৰ ন্যায়াধীশ যশৱন্ত সিঙৰ অৱসৰৰ পিছত ৭ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ন্যায়াধীশ অপৰেশ কুমাৰ সিঙক ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ দিছিল ।

১৯৬৫ চনৰ ৭ জুলাইত জন্মগ্ৰহণ কৰা ন্যায়াধীশ অপৰেশ কুমাৰ সিঙে বি এ পাছ কৰি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৯০ চনৰ পৰা ২০০০ চনলৈকে পাটনা উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে আৰু ২০০১ চনৰ পৰা ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল।২০১২ চনত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভৰ পাছত ২০১৪ চনত স্থায়ী নিযুক্তি লাভ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.