মহানগৰীত চিটিবাছৰ খুন্দাত প্ৰাণ গল এজন সংবাদকৰ্মীৰ!

 

নিউজ ডেস্ক:

হানগৰীৰ বেলতলাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। চিটিবাছৰ খুন্দাত নিহত এজন স্কুটি আৰোহী। স্কুটীৰে আহি থকাৰ সময়তে চিটি বাছৰ খুন্দাত থিতাতে নিহত হয় সংবাদকৰ্মীজন। নিহত সংবাদকৰ্মীজনৰ নাম মুস্তাক আলম বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ এটা ৱেবপ’ৰ্টেলৰ কৰ্মচাৰী আছিল মুস্তাক আলম।

বশিষ্ঠৰ বৰপথাৰৰ পৰা কাৰ্যালয়লৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় মুস্তাক আলম। বেলতলাৰ পৰা দিছপুৰ অভিমুখী এখন চিটী বাছে মহতিয়াই নিয়াৰ ফলত থিতাতে মৃত্যু হয় সংবাদকৰ্মীজনৰ। অৱশেষত দুৰ্ঘটনা সংঘটিত কৰা বাছখন জব্দ কৰে যদিও চালক-হেণ্ডিমেন পলাই যাবলৈ পলায়ন সক্ষম হয়।

You might also like
Leave A Reply

Your email address will not be published.