মহানগৰ আৰক্ষীৰ বৃহৎ সফল অভিযান!

আই এছ বি টিৰ পৰা বুজন পৰিমানৰ ড্ৰাগছসহ আটক তিনি ড্ৰাগছ ব্যৱসায়ীক

নিউজ ডেস্ক:

হানগৰ আৰক্ষীৰ বৃহৎ সফল অভিযান। বুধবাৰে পুৱা আৰক্ষীয়ে গুৱাহটীৰ গৰচুকৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনেল (আই এছ বি টি)ৰ পৰা বুজন পৰিমানৰ ড্ৰাগছসহ আটক কৰে তিনি ড্ৰাগছ ব্যৱসায়ীক। জানিব পৰা মতে, গৰচুক আৰক্ষীয়ে এক অভিযান চলাই ড্ৰাগছ ভৰ্তি কমেও ১০টা চাবোনৰ বাকছ জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে তিনিটাকৈ ড্ৰাগছ ব্যৱসায়ী। আটকাধীন তিনি ড্ৰাগছ ব্যৱসায়ী আমিৰ আলী, ফিৰোজ আলী আৰু হাবিবুৰ ৰহমান বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ড্ৰাগছখিনি শিলচৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ চেষ্টা চলাইছিল তিনি ড্ৰাগছ ব্যৱসায়ীয়ে। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৮ লাখ টকা বুলি অনুমান কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.