অবৈধ ড্ৰাগছ ব্যৱসায়ৰ অভিযোগত পাঁচজন লোকক গ্ৰেপ্তাৰ!

অবৈধ ড্ৰাগছ ব্যৱসায়ৰ অভিযোগত মেঘালয়ত এজন আৰক্ষী কনিষ্টবলসহ পাঁচজন লোকক গ্ৰেপ্তাৰ । পাঁচজন ড্ৰাগছ সৰবৰাহকাৰীক মেঘালয়ৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। নিচুকি ৱাৰ নামৰ এটা সৰবৰাহকাৰীক পূব জয়ন্তীয়া পাহাৰ জিলাত প্ৰায় ১ কোটি টকা মূল্যৰ ২০১ গ্ৰাম হেৰ’ইনৰ সৈতে গ্ৰেপ্তাৰ কৰে । অসমৰ কাছাৰ জিলাৰ পৰা চোৰাংকৈ হেৰোইনখিনি সৰবৰাহ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অভিযুক্তৰ প্ৰাথমিক জেৰাৰ ভিত্তিত মেঘালয় আৰক্ষীৰ সশস্ত্ৰ শাখাৰ এজন কনিষ্টবল ইষ্ট জয়ন্তীয়া হিলছ ডিইএফৰ ট্ৰিপলপাৰ্ল পাচীকো অপৰাধীক প্ৰৱেশ কৰি অভিযুক্ত নিচুকি ৱাৰক সহায় কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আন এক পৃথক অভিযানত, আৰক্ষীয়ে পশ্চিম খাচী পাহাৰ জিলাত এখন বাহনত যাত্ৰা কৰি থকা তিনিজন লোকৰ পৰা ১০ গ্ৰাম হেৰ’ইন জব্দ কৰে। জব্দকৃত নিষিদ্ধ দ্ৰব্যখিনিৰ মূল্য ৩০ হেজাৰ টকা । ইতিমধ্যে মেঘালয় আৰক্ষীয়ে তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰেকেটটোৰ সৈতে জড়িত আন লোকসকলৰ সম্ভেদ বিছাৰি তদন্ত অব্যাহত ৰাখিছে। ইফালে, মেঘালয় আৰক্ষীয়ে এনডিপিএছ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.