নেচনেল ডেস্ক:
অমৃত সৰোবৰ খান্দি থাকোতে ওলাল প্ৰাচীন শিলৰ দেৱীমুৰ্তি৷ লগতে ওলাল আহোম যুগত সৈনিকে ব্যৱহাৰ কৰা যাঠিৰ জোঙা অংশ৷ লখিমপুৰত থকা আহোম যুগৰ একমাত্ৰ দৌল মাঘনোৱা দৌলৰ চৌহদৰ কাষতে পশ্চিম দিশত খনন চলাই থকা হৈছে অমৃত সৰোবৰ আঁচনিৰ এটা পুখুৰীৰ৷ এই পুখুৰীৰ মাটি ডাম্পাৰেৰে কঢ়িয়াই পেলাইছেগৈ নাৰায়ণপুৰত৷
শুকুৰবাৰে সেই মাটি সমান কৰি থকা অৱস্থাত ওলাল এটা সুপ্ৰাচীন শিলৰ দেৱী মুৰ্তি৷ জানিব পৰা মতে উদ্ধাৰ হোৱা শিলৰ মুৰ্তিটো মহাজানি বৌদ্ধ পৰম্পৰাৰ জাংগোলী তাৰা দেৱীৰ মুৰ্তি৷ প্ৰায় ডেৰফুট ওখ আৰু এক ফুট বহল এটা শিলত খোদাই কৰা মুৰ্তিটো কোনোবা মঠ-মন্দিৰত থাপনা কৰি থোৱা বুলি অনুমান কৰা হৈছে৷ আনহাতে একেটা স্থানৰে পৰা নাৰায়ণপুৰ যোৰহটীয়া গাঁৱলৈ নিয়া মাটিত উদ্ধাৰ হৈছে আহোম সৈনিকসকলে ব্যৱহাৰ কৰা এদাল যাঠিৰ জোঙা অংশ৷
ঐতিহাসিক তথ্য অনুসৰি তাই আহোম সকলৰ শস্যৰ অধিস্থাত্ৰী দেৱী “মক্-নোৱা”ক উপাসনাৰ বাবেই স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৭০৫ খ্ৰীষ্টাব্দত স্থাপন কৰিছিল মাঘনোৱা দৌলটো৷ আহোম যুগত ধৰ্মীয় পৰম্পৰা দৌলত ঠিকে-ঠাকে চলি আছিল যদিও মানৰ আক্ৰমনত তচনচ হৈ পৰে সকলো৷ আক্ৰমনৰ সময়ত মানে দৌলৰ বিস্তৰ ক্ষতি কৰে আৰু দৌলৰ ভিতৰত থকা, দেৱালত স্থাপন কৰি থোৱা বহু মুৰ্তি আৰু আচবাব কাষতে থকা মঘনোৱা বিলত পেলাই দিয়ে৷
মাঘনোৱা দৌল সমিতিৰ সম্পাদক উম্ফা চাৰিঙীয়াই জানিবলৈ দিয়ে যে, শিলৰ মুৰ্তি আৰু যাঠিৰ অংশ উদ্ধাৰ হোৱাৰ পিচত খনন চলোৱা স্থান পৰিদৰ্শনৰ বাবে পুৰাতাত্বিক বিভাগৰ এটা “চাৰ্ভে টিম” সোমবাৰে উপস্থিত হ’বহি৷ তেতিয়ালৈকে পুখুৰী খননকাৰ্য বন্ধ ৰখা হৈছে৷ অনুমান কৰাৰ দৰেই মাঘনোৱা দৌলৰ আশে-পাশে আৰু বহু ঐতিহাসিক পুৰাতাত্বিক সমল উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে৷