এটা মোবাইলৰ মেছেজে সৰ্বস্বান্ত কৰিলে গুৱাহাটীৰ দম্পতীক!

মহানগৰীত সক্ৰিয় চাইবাৰ অপৰাধী

নিউজ ডেস্ক:

হানগৰীত সক্ৰিয় চাইবাৰ অপৰাধী। চাইবাৰ অপৰাধীৰ কবলত এজনৰ পাছত আন এজন লোক। এইবাৰ চাইবাৰ অপৰাধীৰ কবলত মহানগৰীৰ এগৰাকী জ্যেষ্ঠ নাগৰিক। চাইবাৰ অপৰাধী চক্ৰটোৱে গীতানগৰৰ এজন ব্যক্তিৰ পৰা লুটি নিলে ৭ লক্ষাধিক টকা। গীতানগৰৰ দীনেশ চন্দ্ৰ দত্ত আৰু তেওঁৰ পত্নীৰ পৰা চাইবাৰ অপৰাধীয়ে সৰকাই নিলে ৭ লাখ ৬১ হাজাৰ টকা। জানিব পৰা মতে দম্পতিহালক বিদ্যুতৰ বিলৰ নামত মেছেজযোগে লাইন কটাৰ ভাবুকি দিছিল চাইবাৰ অপৰাধী চক্ৰটোৱে।

চাইবাৰ অপৰাধী চক্ৰটোৱে অতি চতুৰতাৰে দীনেশ চন্দ্ৰ দত্তৰ একাউণ্টৰ পৰা ৪ লাখ ৩ হাজাৰ ৯০০ টকা সৰকাই নিয়াৰ বিপৰীতে তেওঁৰ পত্নীৰ একাউণ্টৰ পৰা সৰকাই নিয়ে ৩ লাখ ৪৭ হাজাৰ ১০০ টকা। চক্ৰটোৱে দম্পতিহালক প্ৰথমে এটা নম্বৰত ১০০ টকাৰ ৰিচাৰ্জ কৰিবলৈ কৈছিল। নম্বৰটোত ৰিচাৰ্জ কৰাৰ পাছতেই চক্ৰটোৱে একাউণ্টৰ পৰা সৰকাই নিয়ে বৃহৎ পৰিমাণৰ ধনখিনি।।

You might also like
Leave A Reply

Your email address will not be published.