ডেৰাডুনত পৰ্যটকৰ বাহন খাৱৈত বাগৰি তিনিগৰাকীৰ মৃত্যু!

নিয়ন্ত্ৰণ হেৰুৱাই ২০০ মিটাৰ তলত দ খাৱৈত পৰি যোৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাতো

নেচনেল ডেস্ক:

ডেৰাডুনত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত তিনিগৰাকী পৰ্যটক থিতাতে নিহত হোৱাৰ বিপৰীতে আহত হয় এজন। নিশা প্ৰায় ১১:৩০ বজাত উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনত পৰ্যটক কঢ়িয়াই নিয়া এখন ছুইফ্ট ডিজায়াৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই ২০০ মিটাৰ তলত দ খাৱৈত পৰি যোৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাতো । ডেৰাডুন জিলাৰ কালচি আৰক্ষী থানাৰ অন্তৰ্গত চাহিয়া ফালৰ চাপ্নুৰ সমীপত দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত চাৰিগৰাকী পৰ্যটক আছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, চক্ৰতা অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় বাহনখন । আহত পৰ্যটক জনক বিকাশনগৰ চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁ গাজিয়াবাদৰ ৩৬১ মালিৱালাৰ বাসিন্দা। ঘটনাৰ খবৰৰ ভিত্তিত এছডিআৰএফ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। বাতৰি যুগুটোৱা পৰ্যন্ত নিহত পৰ্যটক কেইগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।

You might also like
Leave A Reply

Your email address will not be published.