নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে বি এছ এফৰ বৃহৎ সফল অভিযান!

দক্ষিণ শালমাৰা জিলাত জব্দ কৰা হৈছে ৬০০ টাকৈ য়াবা টেবলেট

নিউজ ডেস্ক:

নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে বি এছ এফৰ বৃহৎ সফল অভিযান। অসমৰ দক্ষিণ শালমাৰা জিলাত জব্দ কৰা হৈছে ৬০০ টাকৈ য়াবা টেবলেট । প্ৰাপ্ত খবৰ অনুসৰি, সীমান্ত নিৰাপত্তা বাহিনী (বি এছ এফ) আৰু গুৱাহাটী ফ্ৰণ্টিয়াৰে অসম-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অপৰাধ আৰু নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চলোৱা এক যৌথ অভিযানত জব্দ কৰে এই নিষিদ্ধ য়াবা টেবলেটসমূহ। ঘটনা সন্দৰ্ভত নিৰাপত্তাৰক্ষীয়ে আটক কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীকো । জব্দকৃত য়াবা টেবলেটসমূহৰ বজাৰ মূল্য তিনি লাখ টকা বুলি জানিবলৈ দিয়ে।

খৱৰ অনুসৰি, জব্দকৃত টেবলেটসমূহ বাংলাদেশলৈ সৰবৰাহৰ কথা আছিল। পিছত ধৃত ড্ৰাগছ সৰবৰাহকাৰীসহ জব্দকৃত টেবলেটসমূহ আৰক্ষীক গতাই দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.