Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
অম্বুবাচী মহাযোগ-২০২৫ আয়োজনৰ পূৰ্ণ প্ৰস্তুতি
অম্বুবাচী মহাযোগ-২০২৫ আয়োজনৰ পূৰ্ণ প্ৰস্তুতি
কামাখ্যাত অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অনুস্থিত হ’বলগীয়া অম্বুবাচী মহাযোগ-২০২৫ যাতে সম্পূৰ্ণ আধ্যাত্মিকভাৱে অনুষ্ঠিত কৰিব পৰা যায় ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি প্ৰস্তুতিৰ চূড়ান্ত পৰ্যালোচনা সম্বন্ধীয় দুখনকৈ গুৰুত্বপূৰ্ণ বৈঠকত অংশ লোৱাৰ উপৰি পাণ্ডু ঘাটত স্থাপন কৰিবলগীয়া ভক্ত সকলৰ শিৱিৰৰ স্থান পৰিদৰ্শন কৰি প্ৰয়োজনীয় যাৱতীয় ব্যৱস্থা অতি শীঘ্ৰে সমাপন কৰাৰ বাবে প্ৰস্তুতিৰ লগত জড়িত সংশ্লিষ্ট বিভাগ সমূহক নিৰ্দেশ দিয়ে।
Related Posts
কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন অনুস্থান তথা জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগ সমূহৰ বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত এই সম্পৰ্কীয় এখন বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰী দাসে পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ লগতে হাই-উৰুমি বৰ্জন কৰি এই অম্বুবাচী মহাযোগ-২০২৫ সফল কৰি তোলাৰ বাবে ইয়াৰ লগত জড়িত হ’বলগীয়া স্বেচ্ছাসেৱী অনুস্থান তথা বিভাগীয় কৰ্মকৰ্তা সকলক আহ্বান জনায়। তেওঁ লগতে অম্বুবাচী মহাযোগলৈ অহা অসমৰ বাহিৰৰ ভক্ত তথা পৰ্যটক সকলক যাতে সুন্দৰকৈ তথা উষ্ম স্বাগতম জনাব পৰা যায় এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ বাবেও কয়। ইয়াৰ বাবে নীলাচল পাহাৰৰ আশে-পাশে থকা তথা অম্বুবাচী মহাযোগৰ লগত জড়িত হ’বলগীয়া বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধিসকলক লৈ এখন বৈঠক কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অহা ১৬ জুনত অনুষ্ঠিত কৰাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে। সকলো ক্ষেত্ৰতে যাতে শৃঙ্খলাবদ্ধতা বজাই ৰাখিব পৰা যায় তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰাৰ বাবেও তেওঁ কয়।
অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ দিলীপ দাস, পৰ্যটন বিভাগৰ সঞ্চালক ৰণোজ বৰকটকী, কামৰূপ মহানগৰ জিলাৰ উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞাকে ধৰি বিভিন্ন সংস্থাৰ প্ৰতিনিধিৰ উপস্থিতিত এই বৈঠক অনুস্থিত হয়।
ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে কামাখ্যাৰ পৰ্যটন বিভাগৰ প্ৰশান্তি লজৰ সভাকক্ষত কামৰূপ মহানগৰ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনকে ধৰি ২৪ টা বিভাগৰ জ্যেষ্ঠ বিষয়া সকলৰ উপস্থিতিত অনুস্থিত আন এখন বৈঠকত প্ৰস্তুতিৰ লগত জড়িত বিষয় সমূহৰ বিতং পৰ্যালোচনা কৰি সকলো প্ৰস্তুতি অহা ২১ জুনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। অম্বুবাচী মহাযোগ-২০২৫ যাতে সকলো ক্ষেত্ৰতে নিখুঁতভাৱে সফল কৰিব পৰা যায় এই ক্ষেত্ৰত সমন্বিত তথা ঐক্যবদ্ধভাৱে কৰ্মত অৱতীৰ্ণ হোৱাৰ বাবেও তেওঁ সকলোকে আহ্বান জনায়। ভক্ত তথা পৰ্যটকসকলৰ পদ যাত্ৰাৰ সুবিধাৰ্থে নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰৰ প্ৰৱেশ তোৰণৰ পৰা মূল মন্দিৰলৈকে কাৰ্পেট পাৰি দিয়াকে ধৰি পানী যোগান, উপযুক্ত আলোকসজ্জা, পৰিস্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্য সেৱা আদিৰ লগত জড়িত প্ৰস্তুতিপৰ্ব নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰাৰ বাবে তেওঁ আজিৰ বৈঠকতে সংশ্লিষ্ট পক্ষসমূহক নিৰ্দেশ দিয়ে।
এই বৈঠকত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা, উপাধ্যক্ষ দিলীপ দাস, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সট্টৱান, অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰাকে ধৰি আৰক্ষী প্ৰশাসন আৰু বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে।
ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে পাণ্ডু ঘাটত স্থাপন কৰিবলগীয়া ভক্ত সকলৰ শিৱিৰ স্থলী পৰিদৰ্শন কৰি যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে।
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like