অসমীয়া ভাষাত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ নিয়োগ পৰীক্ষা!

১ জানুৱাৰী ২০২৪ৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই নিৰ্দেশনা জাৰি কৰিছে

নিউজ ডেস্ক:

তিয়াৰে পৰা অসমীয়া ভাষাত অনুষ্ঠিত হʼব কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ নিয়োগ পৰীক্ষা। ১ জানুৱাৰী ২০২৪ৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই নিৰ্দেশনা জাৰি কৰিছে। CAPFৰ কনিষ্টবলৰ নিয়োগত এই ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

MHAএ হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩টা আঞ্চলিক ভাষাত CAPFৰ বাবে কনিষ্টবলৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমোদন জনাইছে। উল্লেখযোগ্য যে অসমীয়াৰ লগতে বাংলা, গুজৰাটী, মাৰাঠী, তামিল, তেলেগু, মালায়ালম, কানাড়া, ওড়িয়া, উৰ্দু, পঞ্জাবী, মণিপুৰী আৰু কনকনিত এই পৰীক্ষা অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত Staff Selection Commission আৰু গৃহ মন্ত্ৰণালয়ৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰ হ’ব বুলি জানিব পৰা গৈছে।

You might also like
Leave A Reply

Your email address will not be published.