ৰাজস্থানৰ নন্দিনী গুপ্তাৰ শিৰত ‘ফেমিনা মিছ ইণ্ডিয়া ২০২৩’ৰ মুকুট!

নিউজ ডেস্ক

‘ফেমিনা মিছ ইণ্ডিয়া ২০২৩’ ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৰাজস্থানৰ ১৯ বছৰীয়া নন্দিনী গুপ্তাই। মণিপুৰৰ ৰাজধানী ইম্ফলত অনুষ্ঠিত হোৱা ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত বিজয়ী হয় কোটাৰ নন্দিনী গুপ্তা। ইয়াৰোপৰি অহা বছৰ অনুষ্ঠিত হ’বলগীয়া মিছ ৱৰ্ল্ড প্ৰতিযোগিতাতো নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে নন্দিনী গুপ্তাই৷ জানিব পৰা মতে যোৱা ৪৫ দিন ধৰি নন্দিনী মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰি আহিছে, আৰু অৱশেষত শনিবাৰে নিশা ফেমিনা মিছ ইণ্ডিয়া ২০২৩ৰ বিজয়ী হিচাপে জিলিকি উঠে ভাৰতৰ নন্দিনী গুপ্তা৷
বৰ্তমান নন্দিনীৰ এই সফলতাই সমগ্ৰ ভাৰতবাসী লৈ গৌৰৱ কঢ়িয়াই আনিছে৷

You might also like
Leave A Reply

Your email address will not be published.