অসমৰ পৰা দুই বিশিষ্ট ব্যক্তিলৈ সন্মানীয় পদ্মশ্ৰী বঁটা

নিউজ ডেস্ক:

সমৰ পৰা দুই বিশিষ্ট ব্যক্তিলৈ সন্মানীয় পদ্মশ্ৰী বঁটা। সমাজকৰ্মী ৰামকুইৱাংগবে জেমে নিউমে আৰু শিল্পী হেমপ্ৰভা চুতিয়াই লাভ কৰিলে এই সন্মান। বুধবাৰে নতুন দিল্লীত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা গ্ৰহণ কৰিলে অসমৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিয়ে।

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত সমাজকৰ্মী ৰামকুইৱাংগবে জেমে নিউমে আৰু শিল্পী হেমপ্ৰভা চুতিয়াই গ্ৰহণ কৰিলে এই সন্মানীয় বঁটা। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই বঁটা প্ৰদান কৰে বিশিষ্ট ব্যক্তি দুগৰাকীক।

হেমপ্ৰভা চুতিয়াৰ হস্ততাঁত বয়ন শিল্পত এক অনন্য শৈলী আৰু দক্ষতা থকাৰ বিপৰীতে ৰামকুইৱাংগবে জেমে নিউমে থলুৱা সংস্কৃতি আৰু জনবিশ্বাসৰ প্ৰচাৰক এগৰাকী সমাজকৰ্মী। মহিলা সবলীকৰণ আৰু নাৰী শিক্ষাৰ দিশতো অৰিহণা যোগাই আহিছে নিউমেই।।

You might also like
Leave A Reply

Your email address will not be published.