ৰে’ল সুৰক্ষা বাহিনী (আৰপিএফ) আৰু ৰে’লৱে আৰক্ষীৰ বৃহৎ সফলতা।

নিউজ ডেস্ক:

বুধবাৰে ৰে’ল সুৰক্ষা বাহিনী (আৰপিএফ) আৰু ৰে’লৱে আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত গ্ৰেপ্তাৰ ৩ জনকৈ বাংলাদেশী নাগৰিকক।অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন বাংলাদেশী নাগৰিকক । আটকাধীন তিনি বাংলাদেশী ক্ৰমে আব্দুল কয়ুম, আজিম আলী আৰু সজ্জিল মিঞা বুলি জানিব পৰা গৈছে। ধৃত তিনিওজন বাংলাদেশৰ চিলেট জিলাৰ বাসিন্দা। আৰক্ষীয়ে তিনিওজনৰ পৰা ভুৱা পাছপোৰ্ট আৰু আধাৰ কাৰ্ডকে ধৰি বহুতো অবৈধ নথি-পত্ৰ জব্দ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, তিনিওজন বাংলাদেশী নাগৰিক পূৰ্বতে কাশ্মীৰতো কামত নিয়োজিত আছিল।।

You might also like
Leave A Reply

Your email address will not be published.