প্ৰশিক্ষণৰত অৱস্থাতে মৃত্যু নৌসেনা কমাণ্ডোৰ!

নেচনেল ডেস্ক:

ভাৰতীয় নৌসেনাৰ বিশেষ বাহিনীৰ এগৰাকী সামুদ্ৰিক কমাণ্ডোৰ শোকাৱহ মৃত্যু। পশ্চিমবংগৰ পানাগড়ত বুধবাৰে প্ৰশিক্ষণৰত অৱস্থাতে মৃত্যু ঘটে কমাণ্ডো গৰাকীৰ। নিহত কমাণ্ডোগৰাকী চন্দকা গোবিন্দ বুলি চিনাক্ত কৰা হৈছে। বিভাগীয় সূত্ৰ অনুসৰি এখন বিমানৰ পৰা পেৰা জাম্পৰ অনুশীলন চলাই থকা অৱস্থাতে চন্দকা গোবিন্দে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটিবলগীয়া হয়। এক টুইটযোগে ভাৰতীয় সেনাই গোবিন্দৰ মৃত্যুৰ কথা সদৰি কৰে। বিভাগীয় বিষয়াৰ ভাষ্য মতে, ভাৰতীয় নৌসেনাৰ মেৰিন কমাণ্ডো ফ’ৰ্চ নামৰ এক বিশেষ বাহিনীৰ অংশ আছিল মৃত চন্দকা গোবিন্দ।

নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰ আৰু নৌসেনাৰ সকলো কৰ্মীয়ে গোবিন্দৰ মৃত্যুত শোক প্ৰকাশ কৰে। কমাণ্ডোগৰাকীৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ নৌসেনাৰ।

You might also like
Leave A Reply

Your email address will not be published.