বহিঃৰাজ্যত সন্ধানহীন গৌৰীপুৰৰ মহাবিদ্যালয়ৰ অধ্যক্ষ

নেচনেল ডেস্ক

হিঃৰাজ্যত ৰহস্য জনক ভাৱে সন্ধানহীন মৈৰাবাৰীৰ বাসিন্দা তথা গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘনকান্ত দাস। কিছুদিন পূৰ্বে পত্নী আৰু কন্যাৰ সৈতে পশ্চিম বংগলৈ ফুৰিবলৈ গৈছিল প্ৰাক্তন অধ্যক্ষগৰাকী। পশ্চিবঙ্গৰ দীঘাৰ এখন হোটেলত সপৰিয়ালে আছিল দাস । কিন্তু যোৱা মঙলবাৰে হোটেলৰ পৰা কোনো কামত ওলাই অহাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰে অসমৰ শিক্ষাবিদ গৰাকী। বহু বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ নোপোৱাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক। ইতিমধ্যে শিক্ষাবিদ গৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত দীঘা আৰক্ষীক এজাহাৰ দাখিল কৰিছে তেওঁৰ পত্নী আৰু কন্যাই। হোটেলৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা এজন ব্যক্তি সন্ধানহীন হৈ পৰা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.