আজিৰে পৰা ৰাজ্যত তিনিদিনীয়াকৈ ‘স্বাস্থ্য সেৱা উৎসৱ’!

স্বাস্থ্য বিভাগত সংস্কাৰ সাধন কৰিবলৈ প্ৰতিখন জিলা, সদৰ, মহকুমা আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰা হৈছে

নিউজ ডেস্ক:

দেশৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে অসমত আজিৰে পৰা অনুষ্ঠিত হৈছে ‘স্বাস্থ্য সেৱা উৎসৱ’। অসমৰ স্বাস্থ্য সেৱা কেনেধৰণে চলিছে তাক পৰ্যবেক্ষণ কৰিবৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উচ্চপদস্থ প্ৰশাসনিক বিষয়াৰ লগতে স্বাস্থ্য বিষয়াক নিৰ্দেশ দিয়ে। এই নিৰ্দেশ মৰ্মে স্বাস্থ্য বিভাগত সংস্কাৰ সাধন কৰিবলৈ প্ৰতিখন জিলা, সদৰ, মহকুমা আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰা হৈছে৷ প্ৰথমবাৰৰ বাবে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি আৰু সেৱা প্ৰদানৰ গুণগত মানৰ মূল্যায়ন কৰাৰ উদ্দেশ্যে ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ এই স্বাস্থ্য সেৱা উৎসৱ আয়োজন কৰা হৈছে।

উল্লেখ্য যে, চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠান সমূহৰ মূল্যাংকনৰ বাবে ৰাজ্যৰ ২১ খন জিলা হাস্পতাল, ১৬ খন মহকুমা চিভিল হাস্পতাল, ২০৫ খন সমুহীয়া স্বাস্থ্যকেন্দ্ৰ, ১০১০ খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰসহ মুঠ ১২৫২ খন স্বাস্থ্য প্ৰতিষ্ঠানত ৬ৰ পৰা ৮ এপ্ৰিললৈ চৰকাৰে স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰিছে। কামৰূপ মহানগৰ জিলাত ৫০টা স্বাস্থ্যকেন্দ্ৰত এই উৎসৱ অনুষ্ঠিত হৈছে৷।

শিৱসাগৰৰ জিলাৰ মুঠ ৩১খন চৰকাৰী চিকিৎসা প্ৰতিষ্ঠান সামৰি লৈছে স্বাস্থ্য সেৱা উৎসৱে। আনহাতে, ডিব্ৰুগড় জিলাত সৰ্বমুঠ ৪১ খন চৰকাৰী চিকিৎসালয়ত এই মূল্যায়ন কাৰ্য্যসূচী সম্পন্ন হ’ব। ইয়াৰে ১০ খন সামূহিক চিকিৎসালয় আৰু আদর্শ চিকিৎসালয় তথা ৩১ খন প্রাথমিক স্বাস্থ্যকেন্দ্ৰ অন্তৰ্ভুক্ত আছে।

You might also like
Leave A Reply

Your email address will not be published.