নিৰ্বোধ শিশুৰ তেজেৰে ৰাঙলি ব্ৰাজিল!

দুৰ্বৃত্তৰ নিৰ্বিচাৰ কুঠাৰৰ ঘাপত চাৰি শিশু নিহত হোৱাৰ বিপৰীতে আহত আন চাৰিটি শিশু

ইণ্টাৰনেচনেল ডেস্ক:

ক্ষিণ ব্ৰাজিলত লোমহৰ্ষক ঘটনা। দুৰ্বৃত্তৰ নিৰ্বিচাৰ কুঠাৰৰ ঘাপত চাৰি শিশু নিহত হোৱাৰ বিপৰীতে আহত আন চাৰিটি শিশু। দক্ষিণ ব্ৰাজিলৰ ব্লুমেনাউ চহৰৰ ডে কেয়াৰ চেণ্টাৰত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। স্থানীয় আৰক্ষীয়ে জনোৱা মতে, নিহত শিশুকেইটিৰ ভিতৰত তিনিটি ল’ৰা আৰু এটি কণ্যা শিশু। নিহত আটাইৰে বয়স ৫-৭ বছৰৰ ভিতৰত হ’ব বুলি অনুমান কৰা হৈছে।

ঘটনা সন্দৰ্ভত এক সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি টুইটযোগে জনাইছে ছান্টা কেটাৰিনাৰ গৱৰ্ণৰ জৰ্জিনহো মেলোৱে। জানিব পৰা মতে ২৫ বছৰীয়া সন্দেহযুক্ত এক দুৰ্বৃত্তই দেৱালৰ ওপৰেৰে জপিয়াই ডে কেয়াৰ চেণ্টাৰৰ খেলপথাৰত প্ৰৱেশ কৰিছিল। আৰু তাৰ পিছতে শিশুসকলক নিৰ্মমভাৱে আক্ৰমণ কৰে দুৰ্বৃত্তটোৱে। শিশুসকলক বচাবৰ বাবে ডে কেয়াৰ চেণ্টাৰৰ শিক্ষকসকল আগবঢ়ি অহাত সেইস্থানৰ পৰা পলায়ন কৰে আক্ৰমণকাৰীটো।

এই নৃশংস ঘটনাক টুইটযোগে তীব্ৰ নিন্দাৰ লগতে গভীৰ শোক প্ৰকাশ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ’ লুলা দা ছিলভাইওৰ।।

You might also like
Leave A Reply

Your email address will not be published.