অৱশেষত আৰক্ষীৰ জালত পৰিল IAS শেৱালী শৰ্মা!

১০৫ কোটি টকাৰ SCERT কেলেংকাৰীৰ অভিযুক্ত IAS শেৱালী শৰ্মা

নিউজ ডেস্ক:

ৱশেষত আৰক্ষীৰ জালত পৰিল ১০৫ কোটি টকাৰ SCERT কেলেংকাৰীৰ অভিযুক্ত IAS শেৱালী শৰ্মা। ৰাজস্থানত আত্মগোপন কৰি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰে শেৱালী শৰ্মাসহ তেওঁৰ ঠিকাদাৰ জোঁৱাই অজিত পাল সিঙৰ লগতে আন দুই সহযোগীক। ৰাজস্থান আৰক্ষীৰ সহযোগত মুখ্যমন্ত্ৰীৰ বিশেষ ভিজিলেন্স চেলে গ্ৰেপ্তাৰ কৰে শেৱালী শৰ্মাসহ আন তিনি জন লোকক। ৰাজস্থানৰ আজমেৰৰ ক্ৰছ লেন হোটেলত আত্মগোপন কৰি আছিল অভিযুক্ত কেইজনে। আটাইকেইজনকে ৰাজস্থানৰ আদালতত হাজিৰ কৰোৱাৰ পাছত ট্ৰেনজিট ৰিমাণ্ডত অসমলৈ অনা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ বিশেষ ভিজিলেন্স চেলে পূৰ্বে গ্ৰেপ্তাৰ কৰা এই বৃহৎ কেলেংকাৰীৰ সৈতে জড়িত আন ৬ জন অভিযুক্তক বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰা হৈছিল। আদালতত হাজিৰ হোৱা অভিযুক্তসকল কংগ্ৰেছ নেতা ৰাজেশ যোশী, লক্ষীনাৰায়ণ সোণোৱাল, জয়ন্ত লহকৰ, ৰমিজুদ্দিন আহমেদ, সাৰংগা ম’ৰে আৰু ৰুবুল আলী।।

You might also like
Leave A Reply

Your email address will not be published.