পুনৰ দুৰ্ঘটনাতপতিত IAFৰ বিমান Mig-21!

দুৰ্ঘটনাত নিহত মহিলাসহ ৪ গৰাকী লোক

নেচনেল ডেস্ক:

পুনৰ দুৰ্ঘটনাতপতিত ভাৰতীয় বায়ুসেনাৰ বিমান Mig-21। ৰাজস্থানৰ হনুমানগড়ত দুৰ্ঘটনাত পতিত হয় ‘উৰন্ত কফিন’ Mig-21 বিমানখন। চুৰাটগড় বায়ুসেনা ষ্টেচনৰ পৰা উৰা মৰাৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগস্ত হয় বিমানখন। দুৰ্ঘটনাত নিহত হয় মহিলাসহ ৪ গৰাকী লোক। অৱশ্যে বিমানখনৰ পাইলট নিৰাপদ বুলি জানিব পৰা গৈছে । খবৰ অনুসৰি, বাহল’লত বিমানখনে এটা ঘৰত খুন্দা মৰাৰ ফলত মৃত্যু হয় মহিলা দুগৰাকীৰ । দুৰ্ঘটনাৰ কাৰণ বিছাৰি তদন্ত আৰম্ভ কৰা হৈছে বুলি ভাৰতীয় বায়ুসেনাই এক বিবৃতি যোগে জানিবলৈ দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.