পেৰুৰ এটা সোণৰ খনিত ভয়ংকৰ অগ্নিকাণ্ড!

অগ্নিকাণ্ডত মৃত্যু কমেও ২৭ জন লোকৰ

ইণ্টাৰনেচনেল ডেস্ক:

ক্ষিণ আমেৰিকাৰ পেৰুৰ এটা সোণৰ খনিত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত মৃত্যু হয় কমেও ২৭ জন লোকৰ । স্থানীয় কতৃপক্ষই জনোৱা মতে , দেশখনৰ আৰেকিপাৰৰ দক্ষিণ অঞ্চলত ইয়ানাকিহুয়া নামৰ এটা ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ সোনৰ খনিত সংঘটিত হয় এই ঘটনাটো। শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডটো। দেশখনত দুটা দশকৰো অধিক সময়ৰ ভিতৰত সংঘটিত হোৱা ই বৃহৎ খনন দুৰ্ঘটনা।

উল্লেখ্য যে, পেৰু বিশ্বৰ সৰ্বোচ্চ সোণ উৎপাদনকাৰী আৰু দ্বিতীয় বৃহত্তম তাম উৎপাদনকাৰী দেশ।।

You might also like
Leave A Reply

Your email address will not be published.