Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
অৱশেষত জোলোঙাৰ মেকুৰী ওলাই পৰিল– দিলীপ শইকীয়া
Related Posts
গুৱাহাটী, ২৯ মে’, ঃ অৱশেষত জোলোঙাৰ মেকুৰী ওলাই পৰিল৷ সাংসদ গৌৰৱ গগৈয়ে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ স্বীকাৰ কৰিবলৈ বাধ্য হ’ল৷ এই মন্তব্য অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ৷ আজি সাংবাদিকৰে হোৱা বাৰ্তালাপত সভাপতি শইকীয়াই কয় যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্ত গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অনা অভিযোগ যে এশ শতাংশই সত্য আছিল, সেয়া গৌৰৱ গগৈৰ স্বীকাৰোক্তিয়েই আজি প্ৰমাণ কৰিলে৷ যদিও গৌৰৱ গগৈয়ে তিনিভাগৰ মাত্ৰ এভাগহে স্বীকাৰ কৰিলে, এতিয়াও কিন্তু দুভাগ বাকী আছে৷ পাকিস্তানত কিমান দিন থাকিল, কি কৰিলে, কোন পিনে গ’ল, কাৰ লগত কথা পাতিলে এই প্ৰশ্ন বোৰৰো উত্তৰ দিবলৈ গৌৰৱ গগৈৰ সাহস হ’বনে বুলিও শইকীয়াই প্ৰশ্ন কৰে৷ সভাপতি শইকীয়াই গৌৰৱ গগৈক সচা কথাখিনি অসমৰ ৰাইজক অৱগত কৰাবলৈও আহ্বান জনায়৷ শইকীয়াই পুনৰ কয় যে পাকিস্তানৰ প্ৰতি কংগ্ৰেছৰ দৰদ নতুন কথা নহয়৷ কংগ্ৰেছৰ বহু নেতাই সুযোগ আৰু সুবিধা পালেই ভাৰতৰ স্থিতি আৰু নীতিৰ বিৰুদ্ধে গৈ পাকিস্তানক সমৰ্থন কৰাৰ অলেখ উদাহৰণ আছে৷
গৌৰৱ গগৈৰ বিৰুদ্ধে যেতিয়া অভিযোগ উত্থাপিত হৈছিল, তেতিয়া কংগ্ৰেছ নেতা সকলে সেই অভিযোগক খণ্ডন কৰিছিল৷ আনকি কংগ্ৰেছৰ বংশবাদৰ ৰাজনীতিৰ পৰম্পৰাৰ বিৰুদ্ধে থিয় হ’বলৈ দলটোৰ কোনো নেতাই সাহস দেখুৱাব পৰা নাছিল৷ মুখলজ্জা ঢাকিবৰ বাবে আৰু অহা ১০ চেপ্তেম্বৰত হ’বলগীয়া ভুমিকম্পৰ জোকাৰণিৰ প্ৰাৱল্যৰ পূৰ্বানুমান কৰিয়েই আজি গৌৰৱ গগৈয়ে স্বীকাৰোক্তি দিবলে বাধ্য হ’ল বুলিও শইকীয়াই মন্তব্য কৰে৷ বিজেপি প্ৰদেশৰ সভাপতিজনে তাৎপৰ্যপূৰ্ণ ভাৱে উল্লেখ কৰে যে গৌৰৱ গগৈয়ে ভাৰতবৰ্ষৰ স্বাৰ্থতে পাকিস্তান গৈছিল, নে আই এছ আইৰ আমন্ত্ৰণত গ’ল, নে সন্ত্ৰাসবাদীৰ ঘাটি চাবলৈ গ’ল, এই বিষয়বোৰত অসমৰ জনতা এতিয়াও দোদুল্যমান হৈ আছে৷ অৱশ্যে এই প্ৰশ্নবোৰ অহা ১০ চেপ্তেম্বৰত স্পষ্ট হৈ পৰিব৷
সভাপতি দিলীপ শইকীয়াই পুনৰ কয় যে এজন মুখ্যমন্ত্ৰীয়ে সদায় সত্যৰ আধাৰত কথা কয়৷ তাৰ পিছতো কিন্তু গৌৰৱ গগৈ মৌন হৈ থাকিল৷ বৰং চালেবেৰে কোৱাই মুখ্যমন্ত্ৰীকে ধৰি বিজেপি দলক ওলোতাই আক্ৰমণহে কৰা দেখা গ’ল৷ কিন্তু আজি গৌৰৱ গগৈৰ দিল্লীৰ সংবাদমেলত জোলোঙাৰ মেকুৰি ওলাই পৰিল৷ জনতাৰ দৃষ্টিত কংগ্ৰেছ দলতো সদায় সন্দেহৰ আৱৰ্তত৷ ১০ চেপ্তেম্বৰত এছ আই টিৰ প্ৰতিবেদন প্ৰকাশৰ পূৰ্বে পাকিস্তানত ক’ত গৈছিল, কি কৰিছিল এই কথাবোৰ লৈ গৌৰৱ গগৈয়ে আৰু ৪-৫ খন সংবাদমেল কৰিব লাগিব বুলিও শইকীয়াই কটাক্ষ কৰে৷ অসমৰ একাংশ বাম-বুদ্ধিজীৱি আৰু কংগ্ৰেছে গৌৰৱ গগৈক ধোৱা তুলসীৰ পাত সজাবলৈ দেহেকেহে লাগিছিল যদিও আজি গোটেই কথাবোৰ জলজল-পটপট হৈ ওলাই গ’ল৷ কংগ্ৰেছ দলটোৰ পাকিস্তান-বাংলাদেশ প্ৰীতিৰ কথা সকলোৱে জানে৷ ১৯৯৩ চনত আই এম ডি টি আইন আনি অসমক বিদেশীৰ চৰণীয় পথাৰ কৰি তুলিছিল৷ কংগ্ৰেছৰ নীতি আছিল তুষ্টিকৰণৰ৷ ৰাজ্যত পূৰ্ব-বংগীয়মূলৰ মানুহৰ আধিপত্য বাঢ়ি গৈছিল৷ এইবোৰ সম্ভৱ হৈছিল গৌৰৱ গগৈৰ দৰে নেতাসকলৰ পূৰ্বসূৰী কংগ্ৰেছ নেতৃত্বৰ কাৰণে৷ কিন্তু আজি এই পৰিবেশ আমি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছো৷ অসম বিৰোধী কাম-কাজসমূহৰ কাৰণে কংগ্ৰেছ অসমবাসীৰ ওচৰত সদায় জবাবদিহি হৈ থাকিব বুলিও সভাপতি দিলীপ শইকীয়াই মন্তব্য কৰে৷ গৌৰৱ গগৈ যদিও এজন খিলঞ্জীয়া ব্যক্তি, কিন্তু কংগ্ৰেছ দলটো সদায় খিলঞ্জীয়া বিৰোধী কাম-কাজেৰে ৰাজ্যখনক ভয়ংকৰ সংকটৰ গৰাহলৈ ঠেলি দিয়া কুকাৰ্য্যৰ প্ৰায়চিত্ত অহা ২০-২৫ বছৰলৈ ভূগি থাকিব লাগিব বুলিও শইকীয়াই তাৎপয্যৰ্পূৰ্ণ মন্তব্য কৰে৷
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like