অৱশেষত প্ৰত্যাহাৰ কৃষক বিদ্ৰোহ

অৱশেষত অন্ত পৰিল দেশ কঁপোৱা কৃষকৰ বছৰজোৰা আন্দোলনৰ। কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱত সন্মতি জনাই সংযুক্ত কিষান মৰ্চাই ঘোষণা কৰিলে আন্দোলন প্ৰত্যাহাৰৰ কথা। অৱশ্যে কৃষক নেতা বলবীৰ ৰাজেৱালে জনোৱা মতে- “আন্দোলন প্ৰত্যাহাৰ হে কৰা হৈছে।অন্ত পৰা নাই। এতিয়াৰে পৰা প্ৰতি মাহে সমীক্ষা বৈঠক অনুস্থিত হ’ব, আৰু এই বৈঠক সমুহতে নিৰূপণ কৰা হ’ব পৰৱৰ্তী ৰণনীতি।”

ইফালে সংযুক্ত কিষান মৰ্চাই আন্দোলন প্ৰত্যাহাৰৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰাৰ পাছতে অহা ১১ ডিচেম্বৰৰ পৰা দিল্লীৰ সীমান্ত এৰিবলৈ সাজু হৈছে আন্দোলনকাৰী কৃষক সকল।সীমান্ত অঞ্চল সমূহত টেন্ট খোলাৰ কাম ইতিমধ্যেই আৰম্ভ হৈছে। ৭৫০ সতীৰ্থ সংগ্ৰামীৰ ত্যাগৰ বিনিময়ত সফলতাৰ ফচল লৈ ঘৰে ঘৰে উভতিবলৈ প্ৰস্তুত হৈছে আন্দোলনকাৰী দেশৰ বিভিন্ন প্ৰান্তৰৰ কৃষক সকল।।

You might also like
Leave A Reply

Your email address will not be published.