দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আশাৰ সঞ্চাৰ

ব্ৰাহ্ম’ছ চুপাৰচনিক ক্ৰুজ মিছাইল সংস্কৰণৰ সফল এয়াৰ উৎক্ষেপণ। বুধবাৰে উৰিষ্যাৰ উপকূলৰ চান্দিপুৰৰ ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা চুপাৰচনিক যুঁজাৰু বিমান চুখই ৩০ এমকে-১ৰ পৰা ব্ৰাহ্ম’ছ চুপাৰচনিক ক্ৰুজ মিছাইলৰ এয়াৰ উৎক্ষেপণ সংস্কৰণৰ সফল পৰীক্ষা কৰা হয় বুলি সদৰি কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে । মিছাইলটোয়ে মিছনৰ সকলো উদ্দেশ্য পূৰণ কৰি পূৰ্ব পৰিকল্পিত গতিপথ অনুসৰণ কৰিছিল বুলি সদৰি কৰিছে সূত্ৰটোৱে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, এই উৎক্ষেপণ ব্ৰাহ্ম’ছ উন্নয়নৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি, কিয়নো ই ব্ৰাহ্ম’ছ মিছাইলৰ এয়াৰ-সংস্কৰণৰ ধাৰাবাহিক উৎপাদনৰ পথ প্ৰশস্ত কৰিলে।।

You might also like
Leave A Reply

Your email address will not be published.